বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰৰ বাসগৃহত ভিৰ বিভিন্ন ৰাজনৈতিক,অৰাজনৈতিক দল সংগঠনৰ নেতা-কৰ্মীৰ
জম্মু আৰু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰসবাদীৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা তামুলপুৰ মহকুমা সদৰৰ কলবাৰী গাঁওৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে সমগ্ৰ তামুলপুৰ মহকুমাবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে। বীৰ ছহিদ গৰাকীৰ চিতাৰ দাউ দাউ কৈ জ্বলি থকা জুইকুৰা এতিয়াও সকলোৰে চকুত ভাঁহি আছে। ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰপৰা আহি বিভিন্ন লোকে শোক সন্তপ্ত পৰিয়ালটোৰ দুখৰ সমভাগী হৈছে। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্র সন্থাৰ এটা প্ৰতিনিধিৰ দলে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমাবেদন জ্ঞাপন কৰে। প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা আৰু নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে। সংবাদ মাধ্যমৰ সতে হোৱা বার্তালাপত আছু নেতা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ভাৰত চৰকাৰে এটা স্পষ্ট নীতিৰ আধাৰত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে এটা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি দেখুৱাব লাগে। দেশত হুজি, মৌলবাদী আছে বুল...