Posts

Showing posts from March, 2019

বি টি চিৰ বাজেট অধিৱেশনৰ সামৰণি, ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেট গৃহীত

বি টি এ ডি বিধান পৰিষদীয় ভৱনত মঙলবাৰৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বি টি এ ডিৰ বাজেট অধিৱেশনৰ বুধবাৰে সামৰণি পৰে৷ উল্লেখ্য যে বি টি চিৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেটখন বুধবাৰে সদনৰ সৰ্বসন্মতিমৰ্মে গৃহীত হয়৷ অৱশ্যে বাজেট গৃহীতকৰণৰ পূৰ্বে বিৰোধীৰ দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বি টি এ ডিৰ ৮০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা বুলি উল্লেখ কৰি বাজেটত কৃষি আৰু জলসিঞ্চন বিভাগক অধিক পুঁজি দিয়াৰ পৰামৰ্শ আগবঢ়ায়৷ তেওঁ বি টি চিৰ বাজেটখন ৰেডিমেড তৈয়াৰ নকৰি পলিচীৰ আধাৰত বাজেট গ্ৰহণ কৰাৰ আহ্বান জনায়৷ পৰিষদীয় সদস্য নাৰ্জাৰীয়ে লগতে কয় যে বি টি এ ডিত যিহেতু ৰাজহ সংগ্ৰহৰ বহু উৎস আছে তেনে ক্ষেত্ৰত বি টি চিৰ শাসকীয় নেতাসকলে ৰাজহ সংগ্ৰহৰ দিশত সদিচ্ছাৰ অভাৱ হোৱা বুলি আন এক গুৰুতৰ অভিযোগ তোলে৷ একেদৰে, বিৰোধী দলৰ পৰিষদীয় সদস্য জিৰণ বসুমতাৰী আৰু মাউথি ব্ৰহ্ম হাজোৱাৰীও বি টি এ ডিৰ জনতাৰ স্বাৰ্থত শিক্ষা, কৃষি, জলসম্পদ, ভৈয়াম জনজাতি আৰু পিছপৰা উন্নয়ন বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক বাজেটত অধিক...

ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল

ৰাজ্যৰ প্ৰশাসনত পুনৰ ৰদবদল৷ ৮গৰাকীকৈ আবকাৰী অধীক্ষকক বদলিৰ নিৰ্দেশ দিছে প্ৰশাসনে৷ কোন বিষয়াক ক’লৈ বদলি কৰিছেঃ বেদাংগ ভূষণ শইকীয়াক গোলাঘাটলৈ বদলি শোণিতপুৰৰ আবকাৰী অধীক্ষক আছিল শইকীয়া হিমনজ্যোতি বৰা যোৰহাটৰ নতুন আবকাৰী অধীক্ষক তিনিচুকীয়াৰ আবকাৰী অধীক্ষক আছিল বৰা গৌৰাংগ চৌধুৰীক দৰঙলৈ বদলি হাইলাকান্দিৰ আবকাৰী অধীক্ষক আছিল চৌধুৰী কৰিমগঞ্জৰ আবকাৰী অধীক্ষকক বাক্সালৈ বদলি সুব্ৰত বিশ্বাসক কৰিমগঞ্জৰ পৰা বাক্সালৈ বদলি অজয় বায়নক ধুবুৰীলৈ বদলি ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক আছিল বায়ন বনানি হোজাইক যোৰহাটৰ পৰা তিনিচুকীয়ালৈ বদলি মানসজ্যোতি দাসক কৰিমগঞ্জলৈ বদলি ধুবুৰীৰ আবকাৰী অধীক্ষক আছিল মানসজ্যোতি দাস মানৱী দাসক ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষকৰ দায়িত্ব নগাঁৱৰ আবকাৰী অধীক্ষক আছিল মানৱী দাস

মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট

মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে মহানগৰৰ দীঘলীপুখুৰীৰ সন্মুখত আজি চিপিআই(এম)য়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ দিনৰ১২ বজাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী অসম ৰাজ্যিক পৰিষদৰ কামৰূপ মেট্ৰ জিলা সদস্য সকলে। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই কয় ‘মোডী চৰকাৰৰ ৰাফেল বিমান কেলেংকাৰী তদন্তৰ বাবে সংসদৰ যুটীয়া কমিটি গঠন কৰিব লাগে’। ইয়াৰ উপৰিও চিপিআই(এম)য়ে ৰাফেল যুদ্ধ বিমানৰ ঠিকা সন্দৰ্ভত মোডী চৰকাৰক প্ৰশ্ন কৰি কয়- ‘পূৰ্বতে ভাৰতৰ সুখয় যুদ্ধ বিমান নিৰ্মান কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্থান এয়াৰন'টিকচক ৰাফেল ক্ৰয় কৰাৰ ঠিকাৰ পৰা বঞ্চিত কৰি অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্সক দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে অনিল আম্বানীৰ নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্স নামৰ কোম্পানীটোৱে ৰাফেলৰ ক্ৰয়ৰ নামত ৩০ হাজাৰ কোটি টকা আত্মসাত কৰা বুলিও অভিযোগ উত্থাপন কৰে চিপিআই(এম)য়ে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰায়ে কয় দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি কথা।কিন্তু অতি পৰিত্ৰাপৰ কথা বৰ্ত...

ৱাঘা সীমান্তত জনতাৰ উৎকন্ঠা-স্বদেশলৈ অভিনন্দন অভিনন্দন বৰ্ধমানক

ৱাঘা সীমান্তয়েদি স্বদেশত প্ৰৱেশ কৰিব পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় বায়ু সেনা বিষয়া অভিনন্দন বৰ্ধমানে। পাকিস্তান সেনাই ৱাঘা সীমান্তয়েদি ভাৰতীয় কৰ্তৃপক্ষক গতাই দিব উইং কামাণ্ডাৰ অভিনন্দনক। মিগ-২১ বিমানেৰে পাকিস্তানৰ বায়ু সেনাক বাধা দিবলৈ গৈ দুৰ্ভাগ্যক্ৰমে পাক সেনাৰ হাতত বন্দী হৈছিল ২৭ ফেব্ৰুৱাৰীত বায়ু সেনা বিষয়া অভিনন্দন বৰ্ধমান। খবৰ অনুসৰি আজি আবেলিলৈহে বৰ্ধমানক স্বদেশলৈ প্ৰত্যাৰ্পন কৰাৰ সম্ভাৱনা আছে। আবেলি ৩-৪ বজাৰ ভিতৰত পাক সেনাই বৰ্ধমানক ভাৰতীয় সেনাৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে।ইতিমধ্যে বায়ু সেনা বিষয়াগৰাকীক আদৰিবলৈ প্ৰস্তুতি চলিছে ৱাঘা সীমান্তত। শত্ৰুৰ হাতত কৰায়ত্ব হৈও সাহসেৰে পৰিস্থিতিৰ মোকামিলা কৰা অভিনন্দনক আদৰণি জনাবলৈ হাতে হাতে পতাকা লৈ ৰৈ আছে বহু স্থানীয় লোক।

হাগ্ৰামাৰ ৫০ বছৰীয়া জন্ম দিনত খৈৰাবাৰীত কেক্ কাটিলে জ্যেষ্ঠ নাগৰিকে

বি পি এফৰ ভেৰগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত শুকুৰবাৰে খৈৰাবাৰীত জ্যেষ্ঠ নাগৰিকৰ সভা খৈৰাবাৰীৰ মহিৰংগ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ উক্ত সভাত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৫০ সংখ্যক ওপজা দিনত কেক্ কাটি ৰাজহুৱাভাৱে পালন কৰা হয়৷ পঞ্চাশ বছৰীয়া ওপজা দিন তথা জ্যেষ্ঠ নাগৰিক সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়ো, বি টি চিৰ উপাধ্যক্ষ নেৰচন বড়ো, কলাইগাঁও আৰু পানেৰী সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে মহেশ্বৰ বড়ো, কমলী বসুমতাৰী, বি টি চিৰ ই এমত্ৰয় লৌমশ্ৰাউ দৈমাৰী, জগদীশ সৰকাৰ আৰু বনজাৰ দৈমাৰী, খৈৰাবাৰীৰ অৰ্ধশতাধিক জ্যেষ্ঠ নাগৰিক, বি পি এফৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা সুপ্ৰিয়া ৰাণী ব্ৰহ্ম আদি উপস্থিত থাকে।