হাগ্ৰামাৰ ৫০ বছৰীয়া জন্ম দিনত খৈৰাবাৰীত কেক্ কাটিলে জ্যেষ্ঠ নাগৰিকে

বি পি এফৰ ভেৰগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত শুকুৰবাৰে খৈৰাবাৰীত জ্যেষ্ঠ নাগৰিকৰ সভা খৈৰাবাৰীৰ মহিৰংগ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ উক্ত সভাত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৫০ সংখ্যক ওপজা দিনত কেক্ কাটি ৰাজহুৱাভাৱে পালন কৰা হয়৷

পঞ্চাশ বছৰীয়া ওপজা দিন তথা জ্যেষ্ঠ নাগৰিক সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়ো, বি টি চিৰ উপাধ্যক্ষ নেৰচন বড়ো, কলাইগাঁও আৰু পানেৰী সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে মহেশ্বৰ বড়ো, কমলী বসুমতাৰী, বি টি চিৰ ই এমত্ৰয় লৌমশ্ৰাউ দৈমাৰী, জগদীশ সৰকাৰ আৰু বনজাৰ দৈমাৰী, খৈৰাবাৰীৰ অৰ্ধশতাধিক জ্যেষ্ঠ নাগৰিক, বি পি এফৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা সুপ্ৰিয়া ৰাণী ব্ৰহ্ম আদি উপস্থিত থাকে।

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী