Posts

Showing posts from December, 2019
আহোম যুগৰ ৰাজকীয় খেল শেন যুঁজ ৰংঘৰৰ পথাৰত সাত বিহুৰ দিনা যি খেল্-ধেমালি হৈছিল তাক গ্ৰীচ দেশৰ অলিম্পিকৰ দৰে জাতীয় উত্সৱত পৰিণত হৈছিল্। ৰজনীকন্ত বৰদলৈ দেৱৰ ৰংপুৰৰ সাত্বিহু উত্সৱৰ বিৱৰণত লিখিছে- “আজি ৰংপুৰৰ ৰং পথাৰত লোকে লোকাৰণ্য্। ভাৰ মানুহ্, চহা, হোজা, নগৰীয়া,গাঁৱলীয়া, ল্’ৰা, তিৰোতা, ডেকা-গাভৰু,মিৰি-মিৰিয়নী ইত্যাদি প্ৰায় প্ৰজায়ে আজি ৰংপুৰৰ পথাৰত্। অতি কমেও এক্লাখৰ কিজানিকম নহ্’ব্”। --সেইমতে আমাৰ মাজৰে, সেই সময়ৰ কোচ ৰাজ্য্, কছাৰী ৰাজ্য্, চুটিয়া ৰাজ্য্, ব জয়ন্তীয়া ৰাজ্য, মণিপুৰ ৰাজ্য আৰু সৰু-বৰ সকলো পাৰ্বত্য ৰাজ্যতে নানা ধৰণৰ খেল্-ধেমালিয়ে ৰজাঘৰৰ পৃষ্ঠপোষকতা পোৱাৰ কথা জানিব পাৰি। কিন্তু সাই বোৰৰ বিশদ বিৱৰণ পোৱা নাযায়্। দেওধাই বুৰঞ্জীত আহোমৰ কিছু খেল্-ধেমালিৰ উল্লেখ পোৱা যায়্। সেইখেল সমুহৰ ভিতৰত শেনৰ খেল বা শেন মেলা, হাতীৰ যুঁজ, ম্’হৰ যুঁজ্, মনুহৰ যুঁজ্, বাঘ্-ভালুক্, গাহৰি,ঘঁৰিয়াল,গঁড়্, ঘোং, মেঠোন আদিয়েই প্ৰধন্। কিন্তু সেই সময়ৰ অসমত বন্দী হৈ থকা মানুহক বাঘ্,সিংহ,বা ভালুকৰ লগত যুঁজ কৰিব দি ৰং চোৱাৰনিয়ম নাছিল্। খেল ধেমালিৰ ভিতৰত শেনৰ খেল বা শেন মেলা এবিধ জনপ্ৰিয় খেল আছিল।...
অসমৰ বয়ন শিল্প প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী। অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছে বুলি ক’ব পাৰি। কল-কাৰখানা ওলোৱাৰ পিছতো অসমীয়া শিপিনীয়ে ধুনীয়া ধুনীয়া কাপোৰ বৈ বজাৰত উলিয়াই ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিব। ৰাজ্যিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। হস্ত তাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰি আহিছে। বয়ন শিল্পক লৈয়েই বিভিন্ন ধৰণৰ কৰ্মৰ ভাগ অনুযায়ী ভালেমান আনুষংগিক বিভাগ লৈ বয়ন শিল্প গঢ়ি উঠে। যেনে সূতা আৰু কাপোৰত ৰং দিয়া, ছাপ মৰা, পাৰিব গুণা তৈয়াৰ কৰা, যন্ত্ৰৰ সহায়ত কাপোৰত ফুল বছা, পাটমুগা আৰু মিশ্ৰিত কাপোৰ বোৱা, উৎপাদিত কাপোৰৰ বিক্ৰী কেন্দ্ৰ খোলা ইত্যাদি। দক্ষিণ ভাৰতত হস্ত তাঁত শিল্প ব্যৱসায়ত পুৰুষেই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জীৱিকাৰ নিৰ্বাহৰ ইয়ো এটা প্ৰধান সম্বল। তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। সকলো জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথা...
প্ৰাক আহোম যুগৰ খাদ্য-ৰীতি প্ৰাক আহোম যুগৰ খাদ্যৰ ক্ষেত্ৰত পুৰণি লিপিসমুহ নিমাত। সাহিত্যততো পুৰণি অসমীয়া খাদ্য ৰীতিৰ বিষযে কেতিয়াবাহে দুই এটা উল্লেখ পোৱা যায়। খাদ্যৰ ক্ষত্ৰত ভাৰতৰ আন ঠাইৰ লগত অসম নিমিলে। ভাতেই আছিল অসমীয়া হিন্দুৰ প্ৰধান খাদ্য। ব্ৰাক্ষ্মণকে ধৰি সকলো শ্ৰেণীৰ লোকেই মাছ-মাংস খাইছিল। তথাপি জন্তু তথা মাছ বিশেষে কিছু বধা নিষেধ আছিল।সধাৰণতে জলবায়ু আৰু বাসিন্দাসকলৰ স্বভাৱৰ ওপৰতে খাদ্যৰ স্বৰুপ নিৰ্ভৰ কৰিছিল। অসমত খাদ্য ৰীতি উদাৰতাৰ ভেটিত গঢ়ি উঠিছিল আৰু বৈষ্ণৱ সংস্কাৰৰ কাললৈকে এই উদাৰতা চলি আহিছিল। ব্ৰত, কাৰোবাৰ মৃত্যুত পালন কৰা হবিচ আৰু সংক্ৰান্তি, একাদশী আদিৰ দৰে কাৰণত খাদ্যাদিৰ বাধা-নিষেধ মানি চলা হৈছিল। এনেবোৰ ক্ষেত্ৰত কেৱল খাদ্যই নহয় সংস্কৃতিৰ অন্যান্য বৈশিষ্ট্য মতে অনাৰ্যসকলৰ মিল দেখা যায়। যোগিনীতন্ত্ৰৰ মতে উচ্চজাতৰ লোকে দেখাত সাপৰ দৰে আৰু বাকলি নথকা মাছ নখাইছিল “মত্স্যামম চ সলহীনামস চ বৰ্জয়েত” এই খন গ্ৰন্থতে হাঁহ, পাৰ, কাছ, আনকি বন্-গাহৰিও অনুমোদন কৰা হৈছে1 ”হংসম পৰাবতম ভক্ষং কুৰমং বৰাহমেব চ কামৰুপে পৰিত্যাগাদ দুৰ্গতিচ তস্য সম্ভাবেত।'' ছাগলী, হৰিণ, গঁড় আদ...

পৱিত্ৰ কাতি মাহ

হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে এটি পবিত্ৰ মাহ হ’ল কাতি মাহ। সূৰ্যই ইয়াৰ গতিপথত ৰাশিচক্ৰৰ কন্যা ৰাশিৰপৰা গৈ তুলা ৰাশিত প্ৰৱেশ কৰিলেই কৰ্কট সংক্ৰান্তি বা কাতি বিহু আৰম্ভ হয়। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। ইয়াৰ প্ৰভাৱত সমগ্ৰ উত্তৰ ভাৰতত লাহে লাহে জলবায়ুৰ পৰিৱৰ্তন হ’ব ধৰে। ‘কাতি বিহু’ অসমৰ হিন্দুৰ বাবে পৱিত্ৰ তিথি। এই বিহুত প্ৰতিঘৰ হিন্দুৱে চোতালত তুলসী ৰুই সাত্ত্বিকভাৱে চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। এই সময়ত ধাননি পথাৰ, বস্তি, ঘৰ-দুৱাৰ সকলোতে সাত্ত্বিকভাৱে চাকি-বন্তি, ধূপ-দ্বীপ, নৈবেদ্যৰে ধনাধিষ্ঠাত্ৰী দেৱী লক্ষ্মীদেৱীকো আৰাধনা তথা আহ্বান জনায়। বিহুৰ দিনটোৰপৰা সমগ্ৰ মাহটো অসমীয়া মানুহে চাকি-বন্তি জ্বলোৱাৰ উপৰি আকাশ বন্তি জ্বলায়। এই মাহটোৰ সৈতে ইছ্লাম ধৰ্মৰ পৱিত্ৰ ৰমজান মাহৰ সাদৃশ্য আছে। মুছলমানসকলে ৰমজান মাহত দিনৰ ভাগত উপবাসে থাকি সাত্ত্বিকভাৱে আল্লাৰ আৰাধনা কৰি কেৱল নিশা এসাজ আহাৰ খায়। তেনেকৈ হিন্দু ধৰ্মতো কাতি মাহত বহুতো মানুহে অতি সাত্ত্বিকভাৱে ঈশ্বৰৰ উপাসনা কৰি, নিশা এসাজ নিৰামিষ খাদ্য খায়। ৰমজান মাহ আৰু কাতি মাহৰ এই ব্ৰত পালনৰ বিশেষ তাৎপৰ্য...

অসমীয়াৰ সন্মানসূচক উপাধি

অসমীয়াৰ সন্মানসূচক উপাধিৰ আংশিক তালিকা (১) অগ্নিকবি : কমলাকান্ত ভট্টাচার্য (২) কলাগুৰু : বিষ্ণু প্রসাদ ৰাভা(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা(৪) অসম গৌৰৱ : হেম বৰুৱা (৫) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ (৬) কর্মবীৰ : নবীনচন্দ্র বৰদলৈ (৭) অসম কেশৰী : অম্বিকাগিৰী ৰায়চৌধুৰী (৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতীয়া ফুকন (৯) গীতিকবি : পাবর্তী প্রসাদ বৰুৱা (১০) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা (১২) দেশভক্ত  : তৰুণৰাম ফুকন (১৩) দেশপ্রাণ  : লক্ষীধৰ শর্মা (১৪) বীৰবালা : কনকলতা (১৫) বকুল বনৰ কবি : আনন্দ চন্দ্র বৰুৱা (১৬) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা (১৭) নটসূর্য : ফনী শর্মা (১৮) জিকিৰ সম্রাট : ৰেকিবুদ্দিন আহমেদ (১৯) লৌহ মানৱ : বিষ্ণুৰাম মেধি (২০) বিহগী কবি : ৰঘুনাথ চৌধাৰী (২১) বিদ্ৰোহী কবি : প্রসন্নলাল চৌধুৰী (২২) বাগ্মীবৰ/ ককা  : নীলমনি ফুকন (২৩) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা (২৪) পাপৰিৰ কবি : গণেশ গগৈ (২৫) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা (২৬) লোকনায়ক : অমিয় কুমাৰদাস (২৭) লোকবন্ধু : ডাঃ ভূৱনেশ্বৰ বৰুৱা (২৮) অসমৰ বেকন : সত্যনাথ বৰা (২৯) শেৱালী কবি : ৰত্নকান্ত বৰকাকতী (৩০) নিজ...
যশোদাৰ বিলাপ গীত (১) দিহা- অ’ বান্ধৱ কোন বনে গৈলা মোক এৰি থৈ পদ- বনতে কান্দে ঐ বনৰে হৰিণী। বিৰিখে কান্দে কুলি।। আকুলি-বিকুলী যশোদাই কান্দে ঐ মোৰে ৰাম কানু বুলি।। কাহাকে খুৱাইবোঁ কাহাকে ধুৱাইবোঁ কাহাকে শোৱাম মই খাটে। গধূলি বেলিকা পদূলি ওলাই কাহাকে নিৰিখিম মই বাটে।। চালতে শুকাইল এ ৰঙ্গ মালতী ভাৰাতে শুকাইল দৈ। দিনৰে দিন মান কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱনু থৈ।। প্ৰভাতে উঠিয়া কাহাৰ মূৰতে পিন্ধাম মই ময়ূৰৰ চূড়া। সুঠাম কাংকালে কাহাকে চৰাম মই সূক্ষ্ম পীত বস্ত্ৰ ধৰা।। ক্ৰুৰ অক্ৰুৰে হিয়া খালি কৰি হৰি নিলা ৰথে তুলি।। দূৰৰ পৰাহে কোনেনো মাতিব। আই ক্ষীৰ দিয়া বুলি।। যশোদাৰ মন পোৰে ঘনে ঘনে ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই।। যশোদাৰ বিলাপ গীত (১) দিহা- যশোদাই ডাকে ঐ মোৰ বাছা কৃষ্ণ হে কোন বনে গৈলি মোক এৰি ঐ।। পদ- আজি কৃষ্ণই     অন্নকে খোৱা নাই বেলি গৈলা ভাটিয়াই। এনে লাহোৰ কাংকাল  বায়ুতে হালে ঐ দেখি প্ৰাণ ফাটি যায় হে।। আজি শ্ৰী কৃষ্ণক      অক্ৰুৰে লৈয়া যায় গোপীৰ চেতনা নাই। চেতন লভিয়া       কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্...
অসমীয়া সাহিত্যত নিচুকনি গীত অসমীয়া সাহিত্যত নিচুকনি গীত খ্ৰীষ্টীয় দশম-একাদশ শতিকাৰ আগতে অসমীয়া ভাষা বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য যে নাছিল, এনে নহয়। ইয়াৰ আগেয়ে অসমত মৌখিক সাহিত্যৰ প্ৰচলন আছিল। কেৱল অসমতে নহয় সকলো জাতিৰে এটা স্বতন্ত্ৰ ভাষাৰ উৎপত্তিৰ আদি কালত পুৰুষাণুক্ৰমে মুখ বাগৰি কিছুমান গীত-মাত, প্ৰৱচন, পটন্তৰ, সাধুকথা আদিৰ প্ৰচলন হয়। এনেবিধ সাহিত্যই মৌখিক সাহিত্য। মুখে মুখে, যুগে যুগে মানুহৰ অন্তৰ্প্ৰদেশত প্ৰৱেশ ঘটাৰ ফলত ইয়াৰ ৰুপ সলনি হয়। নতুনৰ মুখত পৰি নতুন সাজ-সজ্জা পৰিগ্ৰহণ কৰে। মৌখিক সাহিত্যৰ ই এটি বিশিষ্ট লক্ষণ। মৌখিক সাহিত্য অনাখৰী, চহা জনগণৰ সাহিত্য, গতিকে ই ৰাইজৰ সাহিত্য। গ্ৰাম্য জনসাধাৰণৰ অমূল্য সম্পদ। ইও এই শ্ৰেণীৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য। নিচুকনি গীতক ‘ধাইনাম’ বা ‘ওমলা গীতো’ বুলিব পাৰি। ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লোক-সাহিত্যক তিনিটা শ্ৰেণীত ভাগ কৰিছে- (১) লোকগীত (২) ফকৰা-যোজনা আৰু প্ৰৱচন (৩) সাধুকথা আকৌ লোকগীতবোৰক দুটা ভাগত ভাগ কৰিছে- (১) অনুষ্ঠানমূলক লোকগীত (২) আখ্যানমূলক আৰু বিবিধ বিষয়ক লোকগীত ধাইনাম আৰু নিচ...
যশোদাৰ বিলাপ গীত (১) দিহা- অ’ বান্ধৱ কোন বনে গৈলা মোক এৰি থৈ পদ- বনতে কান্দে ঐ বনৰে হৰিণী। বিৰিখে কান্দে কুলি।। আকুলি-বিকুলী যশোদাই কান্দে ঐ মোৰে ৰাম কানু বুলি।। কাহাকে খুৱাইবোঁ কাহাকে ধুৱাইবোঁ কাহাকে শোৱাম মই খাটে। গধূলি বেলিকা পদূলি ওলাই কাহাকে নিৰিখিম মই বাটে।। চালতে শুকাইল এ ৰঙ্গ মালতী ভাৰাতে শুকাইল দৈ। দিনৰে দিন মান কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱনু থৈ।। প্ৰভাতে উঠিয়া কাহাৰ মূৰতে পিন্ধাম মই ময়ূৰৰ চূড়া। সুঠাম কাংকালে কাহাকে চৰাম মই সূক্ষ্ম পীত বস্ত্ৰ ধৰা।। ক্ৰুৰ অক্ৰুৰে হিয়া খালি কৰি হৰি নিলা ৰথে তুলি।। দূৰৰ পৰাহে কোনেনো মাতিব। আই ক্ষীৰ দিয়া বুলি।। যশোদাৰ মন পোৰে ঘনে ঘনে ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই।। যশোদাৰ বিলাপ গীত (১) দিহা- যশোদাই ডাকে ঐ মোৰ বাছা কৃষ্ণ হে কোন বনে গৈলি মোক এৰি ঐ।। পদ- আজি কৃষ্ণই     অন্নকে খোৱা নাই বেলি গৈলা ভাটিয়াই। এনে লাহোৰ কাংকাল  বায়ুতে হালে ঐ দেখি প্ৰাণ ফাটি যায় হে।। আজি শ্ৰী কৃষ্ণক      অক্ৰুৰে লৈয়া যায় গোপীৰ চেতনা নাই। চেতন লভিয়া       কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্...
যশোদাৰ বিলাপ গীত (১) দিহা- অ’ বান্ধৱ কোন বনে গৈলা মোক এৰি থৈ পদ- বনতে কান্দে ঐ বনৰে হৰিণী। বিৰিখে কান্দে কুলি।। আকুলি-বিকুলী যশোদাই কান্দে ঐ মোৰে ৰাম কানু বুলি।। কাহাকে খুৱাইবোঁ কাহাকে ধুৱাইবোঁ কাহাকে শোৱাম মই খাটে। গধূলি বেলিকা পদূলি ওলাই কাহাকে নিৰিখিম মই বাটে।। চালতে শুকাইল এ ৰঙ্গ মালতী ভাৰাতে শুকাইল দৈ। দিনৰে দিন মান কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱনু থৈ।। প্ৰভাতে উঠিয়া কাহাৰ মূৰতে পিন্ধাম মই ময়ূৰৰ চূড়া। সুঠাম কাংকালে কাহাকে চৰাম মই সূক্ষ্ম পীত বস্ত্ৰ ধৰা।। ক্ৰুৰ অক্ৰুৰে হিয়া খালি কৰি হৰি নিলা ৰথে তুলি।। দূৰৰ পৰাহে কোনেনো মাতিব। আই ক্ষীৰ দিয়া বুলি।। যশোদাৰ মন পোৰে ঘনে ঘনে ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই।। যশোদাৰ বিলাপ গীত (১) দিহা- যশোদাই ডাকে ঐ মোৰ বাছা কৃষ্ণ হে কোন বনে গৈলি মোক এৰি ঐ।। পদ- আজি কৃষ্ণই     অন্নকে খোৱা নাই বেলি গৈলা ভাটিয়াই। এনে লাহোৰ কাংকাল  বায়ুতে হালে ঐ দেখি প্ৰাণ ফাটি যায় হে।। আজি শ্ৰী কৃষ্ণক      অক্ৰুৰে লৈয়া যায় গোপীৰ চেতনা নাই। চেতন লভিয়া       কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্...
যশোদাৰ বিলাপ গীত (১) দিহা- অ’ বান্ধৱ কোন বনে গৈলা মোক এৰি থৈ পদ- বনতে কান্দে ঐ বনৰে হৰিণী। বিৰিখে কান্দে কুলি।। আকুলি-বিকুলী যশোদাই কান্দে ঐ মোৰে ৰাম কানু বুলি।। কাহাকে খুৱাইবোঁ কাহাকে ধুৱাইবোঁ কাহাকে শোৱাম মই খাটে। গধূলি বেলিকা পদূলি ওলাই কাহাকে নিৰিখিম মই বাটে।। চালতে শুকাইল এ ৰঙ্গ মালতী ভাৰাতে শুকাইল দৈ। দিনৰে দিন মান কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱনু থৈ।। প্ৰভাতে উঠিয়া কাহাৰ মূৰতে পিন্ধাম মই ময়ূৰৰ চূড়া। সুঠাম কাংকালে কাহাকে চৰাম মই সূক্ষ্ম পীত বস্ত্ৰ ধৰা।। ক্ৰুৰ অক্ৰুৰে হিয়া খালি কৰি হৰি নিলা ৰথে তুলি।। দূৰৰ পৰাহে কোনেনো মাতিব। আই ক্ষীৰ দিয়া বুলি।। যশোদাৰ মন পোৰে ঘনে ঘনে ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই।। যশোদাৰ বিলাপ গীত (১) দিহা- যশোদাই ডাকে ঐ মোৰ বাছা কৃষ্ণ হে কোন বনে গৈলি মোক এৰি ঐ।। পদ- আজি কৃষ্ণই     অন্নকে খোৱা নাই বেলি গৈলা ভাটিয়াই। এনে লাহোৰ কাংকাল  বায়ুতে হালে ঐ দেখি প্ৰাণ ফাটি যায় হে।। আজি শ্ৰী কৃষ্ণক      অক্ৰুৰে লৈয়া যায় গোপীৰ চেতনা নাই। চেতন লভিয়া       কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্...
ৰাধিকাৰ বিলাপ দিহা- অ’ সখিহে আজি কেনে নুপুহাই ৰজনী পদ- এ প্ৰথম প্ৰহাৰ ৰাতি    শয্যাৰ মাজে আছোঁ বহি ৰত্নময় পালঙ্গ সজায়। পিৰা পাৰি সাজু কৰি লৈ আছোঁ আগবাঢ়ি নাহিল কানু পৰৰ নাৰী পায়।। দ্বিতীয় প্ৰহাৰ ৰাতি    নিৰ্দ্দয় পুৰুষ জাতি আশা দিয়া কৰিলা নৈৰাশ। পৰত আশ যাৰ      নিস্ফল জীৱন তাৰ অভাগিনীৰ ৰৈলা অভিলাষ।। হে প্ৰাণ সখিহে, এহে আমাৰ কেনে দুৰ্ভাগ্য কপাল তৃতীয় প্ৰহাৰ কালা    সুগন্ধি পুষ্পৰ মালা লৈ আছিলোঁ আহিব গোপাল। অভাগিনীৰ কৰ্ম্মফলে নাহিল কানু মোৰ ধৰে অভাগিনীৰ ৰৈলা অভিলাষ। যমুনাৰ তীৰতে      মোহন কলিয়া বাঁসিতে মাৰিছে গান, বাঁসিৰ সুৰ শুনি           ৰাধিকা সুন্দৰী বাঁসি লৈ কৰিছে কাণ এ। অনন্তৰে হৰি        বায়ে বংশী ধৰি বাঁসিতে উঠিছে ৰাৱ। ৰাধিকাৰ মনতে      মাতে যেন পাৱে নাচি নাচি আহে গাৱ।। যমুনাৰ তীৰতে            বাজে কাৰ বাঁসিটি ঐ অ’ সখি শুনি মন মজিয়া ৰ’ল। বাঁসিতে সুৰ তুলি          মাতে ৰাধিকা বুলি অ’ সাখ মাতিনো কেনে গ...
দৈৱকীৰ বিলাপ দিহা- অ’ এ, কান্দে দৈৱকী আই কন্যাকে সাৱটি ধৰি অ কান্দে দৈৱকী আই কংসৰ আগে পৰি। পদ- কোপে কাম্পে কংসৰাই সমাকে ৰাক্ষস পাই দেখি ভয় ভৈলন্ত দৈৱকী। হৃদি কম্প গৈলা লৰি কংসৰ আগত পৰি কান্দিলন্ত শোকে মক-মকি।। দান্তে তৃণ তুলি ধৰি   অনেক কৰুণ্য কৰি মাগন্ত সুন্দৰী জীউ দান। একে স্ত্ৰী জাতি মই    আৰু তোৰ ভগ্নী নাই কোন সতে দাদা লৈৰি প্ৰাণ।। দিয়া দাদা কন্যা দান, এ দাদা চৰণত ধৰোঁ মাৰিছা ছয় পুত্ৰৰ সন্তাপ পাহৰোঁ। দিয়া দাদা কন্যা দান এ। মাৰিলি অনেক পোক   কন্যাখানি দিয়া মোক হেন্‌ৰা মই সন্তাপ পাহৰোঁ। একে আছোঁ দগ্ধ হুই দুনাই নজ্বলাবি জুই দাদা তোৰ চৰণত ধৰোঁ। কনিষ্ঠা ভগিনী মই    সন্তাপত পৰোঁ জঁই পৰিত্ৰাণ কৰা মোক জানি। নাৰাখিবি কু-খিয়াতি  মাগিছোঁ আঞ্চোল পাতি দিয়া যান্ত পচা জীও খানি কান্দে দৈৱকী আই অ’ হৰি কংসৰ মুখক চাই। কন্যাখিনি মোৰ নামাৰিবি দাদা তই মোৰ চেনেহৰ ভাই।। এক এক কৰি  ছয় পুত্ৰ মাৰিলি ই বেলি জন্মিলা জী। সসাগৰা মহী   জিতিলি বাহু বলে ইনো তোক কৰিব কি? অ হে মোৰ দাদা ঐ অ দাদা কিনো তোৰ নিদাৰুণ চিত কিয় মোক কৰাহা বঞ্চিত ছয় পুত্ৰ দিছো তোক কন্যাখিনি দিয়া মোক অ...
শ্ৰীকৃষ্ণৰ বিলাপৰ গীত CONTENTS শ্ৰীকৃষ্ণৰ বিলাপৰ গীত কয়ামূৰীৰ গীত শ্ৰীকৃষ্ণৰ বিলাপৰ গীত দিহা- অৰে অ’ আই কি দোষ কৰিলোঁ তোৰ, বিনা অপৰাধে আমাক বান্ধিলি ধৰিলি লৱণু চোৰ। পদ- বসুদেৱৰ ঘৰে   মই জনম ধৰিলোঁ আই বুলি মাতিলোঁ তোক। তই কাঠ-বাজী      কৈত পুত্ৰ পাইলি বিগুঠি মাতিলি মোক।। পঞ্চম বৰিষে মই           গৰু চাৰিলোঁ বনে বনে খালোঁ ভাত। পেটৰ ভোকত       গোপীৰ গৃহত খুজিয়া নাপালোঁ মাত। মই লৱণু নাখাওঁ           বলাই লৱণু খালে বালকে লগাইল খল। তই কাঠ-বাজী      আমাক বান্ধিলি বান্ধি থলি উৰুখল।। কহয় মাধৱ         শুনা বন্ধু সৱ এৰিয়া বিষয় ধান্দা। বিষয় আল-জাল           বিষয় জঞ্জাল হৰি নাম গলে বান্ধা।। কানাইৰ চাতুৰী দিহা- আলো মাই, গালি তুমি নাপাৰিবা মোৰে। যত অপমান মোৰে দিয়া আছা বাৰে বাৰে ভালে আমি সৈয়া আছোঁ তোৰে।। পদ- কোন ছাৰ পুৰাতন          সে কড়া দুইৰ ধন কলসী ভাঙ্গালোঁ দেখি ৰাগে। হৈবাৰ নৰৈল মোৰ    যেন মায়া খট-চোৰ বান্ধিলা গৰুৰ লৈয়া প...
নিমাই সন্ন্যাসীৰ গীত CONTENTS নিমাই সন্ন্যাসীৰ গীত নিমাই সন্ন্যাসীৰ গীত নিমাই সন্ন্যাসীৰ গীত নিমাই সন্ন্যাসীৰ গীত দিহা- ওৰে বাচাৰে বাচা নিমাই ৰে ওৰে বাচা যাই নিমাই জননী ছাৰিয়া এ বাচাৰে বাচা নিমাইৰ পদ- শয্যাত শুইয়া আছে, ওৰে বাচা সপোন দেখিলা পাছে আজি নিমাই যাব কোন দেশে। কেশৱ ভাৰতী আইলা ওৰে বাচা সন্ন্যাসী হইয়া ৰৈলা ওৰে বাচা কিবা মন্ত্ৰ দিলা নিমাইৰ কাণে।। কোনোবা মহন্ত জনে ওৰে বাচা মূল মন্ত্ৰ দিলা কাণে।। ওৰে বাচা সেই নামে হৈ গৈলা সন্ন্যাসী। হাতে লৈয়া লাউ লোটা ওৰে বাচা কপালে তিলকৰ ফোটা ওৰে বাচা যাই নিমাই সন্ন্যাসী হইয়া।। সন্ন্যাসী হইবাৰ মনে ওৰে বাচা বিবাহ কৰাইলি কেনে ওৰে বাচা ঘৰে জ্বালি থৈ গৈলা অগনি। নাবান্ধে মাথাৰ চুলি ওৰে বাচা বাচা গাৱে লৈলা ভষ্ম ধূলি ওৰে বাচা কান্ধে লৈলা উত্ত্ম লগুণী।। নাবান্ধে মাথাৰ কেশ ওৰে বাচা ধৰিলা সন্ন্যাসীৰ বেশ ওৰে বাচা যাই নিমাই কতোৱাৰ ঘাটে। নিমাই যায় আগে আগে ওৰে বাচা শশী যায় পাচে পাচে ওৰে বাচা তেওঁ নিমাই ফিৰিয়ো নাচায়।। নিত্যানন্দ দেৱে কয় ওৰে বাচা নিমাইতো আপোনাৰ নুই যাৰে নিমাই সেই লৈয়া যায়। নিমাই সন্ন্যাসীৰ গীত দিহা- ওৰে গৌৰাইৰে গোবাই। পদ- শোকে বিদৰে ...
অসমীয়া লোক-সংস্কৃতিত কল অসমীয়া জন জীৱনত কলৰ আসন বিশিষ্ট । অসমত সাধাৰণতে আঠিয়া , চেনীচম্পা , মালভোগ , মনোহৰ , জাহাজী , সেন্দুৰী , পোৰা , কেচেলেপা প্ৰভৃতি কল প্ৰচুৰপৰিমাণে উৎপন্ন হয় । বিহুগীত বন্দিত আঠিয়া কলৰ গা গছ , পাত , মূঢ়া , ডিল প্ৰভৃতিও কামত লগা । মাগুৰ মাছৰ সৈতে কলডিলৰ ভাজিৰ সোৱাদ পাহৰিব নোৱাৰা । কলডিলৰ আৰ্হিত অসমীয়া মহিলাই বান্ধে কলডিলীয়া খোপা । ভীম কলৰ গা-গছ আৰু মূঢ়াৰ পৰা প্ৰস্তুত কৰা কলাখাৰ অসমীয়াৰ নিজস্ব সম্পদ । বিয়া-সবাহ আদিত মাহ-প্ৰসাদ আৰু ভোজ-ভাত খাবলৈ কলপাত অপৰিহাৰ্য । কলৰ দোনা আৰু চটিয়াত জলপান আৰু ভোজ-ভাত খোৱাটো তৃপ্তিকৰ । কলৰ দোনাত প্ৰস্তুত কৰা গৰম ঘন মিঠৈ ঢালি প্ৰস্তুত কৰা লিকটা মিঠৈৰ সোৱাদ দীৰ্ঘ দিনলৈ জিভাত লাগি থাকে । ভীম কলৰ মাধা কাটি কুটি খুন্দি মাছৰ মূৰেৰে ৰন্ধা ব্যঞ্জনৰ সোৱাদ খোৱা জনেহে উপলব্ধি কৰিব পাৰে । পকা কল চালনিৰে চাকি পিঠাগুড়িৰে মিহলাই কলপাতত চেপেটাকৈ মেৰিয়াই পাট চৰুত সেকি লোৱা কল পিঠা অথবা পিঠাগুড়ি পানীৰে সানি উতলা পানীত দি সজা কঁকাল চিগা বা পানীপিঠাৰ সোৱাদ অসমীয়া লোকে জানে । পূজা সেৱাত কল , পাত , গা-গছ আৰু পুলি নহ'লেই নহয় । দুৰ্গা পূ...
বাৰমাহী আৰু বিলাপ গীত অতি পুৰণি কালৰে পৰা মানুহৰ মুখে মুখে কিছুমান গীত-পদ চলি আহিছে। জনসাধাৰণৰ মাজত আজিও তাৰ সমাদৰ আছে। পৃথিৱীৰ প্ৰত্যেক দেশ আৰু জাতিৰে সুকীয়া সাহিত্য, সংস্কৃতি আৰু বুৰঞ্জী আছে। যি দেশৰ সাহিত্য, সংস্কৃতি আৰু বুৰঞ্জী নাই, সেই দেশ বা জাতিৰ নিজা ভাষাও নাই। অসম ভাৰতৰ ভিতৰত এখন সংস্কৃতিপূৰ্ণ দেশ। পৃথিৱীৰ বিভিন্ন দেশ বা জাতিৰ দৰে কিছুমান লোকগীত মৌখিক অৱস্থাতে অসমতো আজিলৈকে মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়। তাৰে কিছুমান সংগৃহীত হৈছে আৰু কিছুমান সময়ৰ সোঁতত লুপ্ত হ’বলৈ ধৰিছে। এইটো বৰ পৰিতাপৰ কথা। গতিকে অনুসন্ধিৎসু আগবাঢ়ি অহা উচিত। তেতিয়াহে দেশৰ ভাষা সংস্কৃতি চহকী হ’ব। অধ্যাপক প্ৰমোদ ভট্ৰাচাৰ্য্যি লিখিছে-“লোকগীত ৰাইজৰ অন্তৰৰ পৰা নিজৰি ওলোৱা আবেগৰ সুৰ। লোকগীত লোক-স্ংস্কাৰৰ (ফ’ক ল’ৰ) এটি ঘাই অংগ। লোক- সংস্কাৰ হৈছে মানৱ জীৱনৰ চৌপাশে থকা আচাৰ, ব্যৱহাৰ, ৰীতি-নীতি, ধ্যান ধাৰণাৰ ঐতিহ্য পূৰ্ণ ৰুপ। ফ’ক ল’ৰ বা লোক-সংস্কাৰ এই সংজ্ঞাৰ পৰিসৰ বৰ বহল। ইয়াৰ ভিতৰত সকলো শ্ৰেণীৰ লোকগীত, লোকাচাৰ, লোকসাধু, লোকবিশ্বাস, কাহিনী আখ্যান, যোজনা, পটন্তৰ, সাঁথৰ-দৃষ্টান্ত আদিক ঠাই দিয়া হয়। ডব্লিউ. জে. থমাছ ন...
ফাগুন মাহৰ অনবদ্য উপহাৰ ফাকুৱা ফাগুন আহি ঋতুৰ দুৱাৰত টোকৰ মৰাৰ লগে লগে শীতৰ জাৰে লঠঙা কৰা বৃক্ষৰ শুকান ডালবোৰত জুই লাগে আৰু বিয়পি পৰে হাবি-বননি, অৰণ্য সকলোতে তেজ ৰঙা জুই। বসন্ত বুলিলে যেনেকৈ কপৌ ফুলৰ কথা মনলৈ আহে নাইবা শৰৎ আহিলে যেনেকৈ শেৱালী ফুলৰ সুগন্ধ নাকত লাগে, ঠিক সেইদৰে মদাৰক বাদ দি ফাগুনৰ কথা ভাবিবই নোৱাৰি। ফাগুনৰ লগত মদাৰৰ এৰাব নোৱাৰা নিবিড় সম্পৰ্ক। সেয়ে গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জকমক হৈ সাজি-কাচি মদাৰে ফাগুনক আদৰিবলৈ সাজু হয়। ফাগুন আহে বৰদৈচিলা হৈ। আউলি-বাউলি চুলিৰে ধুমুহাৰ গতিত প্ৰৱেশ কৰা বৰদৈচিলাই গছ-গছনিৰ বনপাত সৰুৱাই লঠঙা কৰি তোলে। এই প্ৰকৃতিৰ সৈতে মানুহৰ মনৰো এৰাব নোৱাৰা এক ঘনিষ্ঠতা আছে। মানুহৰ মনবোৰ এই পৰিৱেশত ৰিঙা ৰিঙা লাগে আৰু ফাগুনে এই মনটোক উতনুৱা কৰি মন-প্ৰানক উগুল-থুগুল কৰে। মৰম আকলুৱাসকলৰ হৃদয়ে হৃদয়ে প্ৰেমানুভূতি জগাই উতলা কৰি তোলে প্ৰেমিকৰ হৃদয়কাশ। সঁচাকৈ অবুজ হৃদয়ত লাগে অচিনাকি নিচা আৰু এই নিচাই অচিনাকিক চিনাকি কৰে ফাগুনে। নতুন নতুন অনুভৱৰে মিতিৰালি পাতি মনত মহাপ্ৰয়োভৰে আৱিৰ সানে পলাশ আৰু মদাৰৰ প্ৰস্ফুটিত ৰঙেৰে। প্ৰিয়জনে প্ৰিয়জনক ৰং সানিবলৈ যে ‘কত...

অম্বিকাগিৰি ৰায়চৌধুৰী

অসহযোগ আন্দোলনৰ সময়ত জেলত ভোগা শাস্তিৰ অভিজ্ঞতাৰে অম্বিকাগিৰি ৰায়চৌধুৰীএ "তই ভাঙিব লাগিব শিল", "ধৰ ঝাৰু ধৰ ভাই", "কি দেখাবি ভয় কাৰাগাৰ" আদি স্বাধীনতাৰ সংগ্ৰামৰ উদ্দীপনাৰ গীত ৰচনা কৰে যিবোৰে আন সংগ্ৰামীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায় । ১৯৩০ চনৰ আন্দোলনতো অম্বিকাগিৰিয়ে পুনৰ কাৰাবাস খাটে। সেই সময়ৰ কংগ্ৰেছৰ সাংগঠনিক কাৰ্যৰ বাবে তেখেত "ডিক্টেটৰ" নিয়োজিত হৈছিল । ৰাজনৈতিক দিশত তেখেত মহাত্মা গান্ধীৰ অনুগামী এজন নিভাঁজ দেশপ্ৰেমিক আহিল। যি ক্ষেত্ৰত কংগ্ৰেছৰ নেতা সকলে আন্দোলনৰ সময়ছোৱাত বিবিধ দিশৰ পৰা অসমীয়া জাতিসত্তাক হেঁচা মাৰি ধৰিব বিচৰা বহিৰাগতৰ সমাগম, অসমৰ খেতিৰ মাটিৰ ওপৰত পমুৱাৰ বে-দখল, চাকৰি-ব্যৱসায় আদি ক্ষেত্ৰৰ পৰা অসমীয়াৰ অধিকাৰ সংকোচন ইত্যাদি প্ৰশ্নৰ প্ৰতি মনোযোগ কমকৈ দিছিল সেই ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভৱিষ্যতলৈ লক্ষ্য কৰি অম্বিকাগিৰিয়ে কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰিও "অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা", "অসম জাতীয় মহাসভা", আৰু "অসম শিক্ষা প্ৰচাৰ সমিতি" আদি স্থাপন কৰিছিল আৰু অসমীয়া জাতিৰ মৰ্য্যদা ৰক্...

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী-মিছনেৰীসকলে সাত সাগৰৰ সিপাৰৰপৰা সুদুৰ অসমলৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আহি অসমীয়া ভাষা সাহিত্যৰ শ্ৰাদ্ধ পতাৰ সময়তেই ‘জোনাকী’ কাকতৰ জড়িয়তে অসমলৈ নৱন্যাসৰ ঢল বোৱাই অনা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অন্যতম৷ বহুমূখী সাহিত্য প্ৰতিভাৰ আকৰ বেজবৰুৱাকঅসমৰ “অসমৰ মুকুট বিহীন সম্ৰাট”, “ৰসৰাজ” বুলিও জনা যায়৷ অসমৰ প্ৰথম সোণালী যুগৰ প্ৰৱৰ্তক শ্ৰীমন্ত শঙ্কৰদেৱৰ পাচতে বেজবৰুৱাদেৱৰ সাহিত্য সম্পদে অসমীয়া ভাষা সাহিত্য- সংস্কৃতিত যি অপূৰ্ব অৱদান আগবঢ়ালে, কুৰি শতিকাৰ আগছোৱাক ‘লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰা হয়৷তেখেতৰ ‘বেজবৰুৱা উপাধিটো ৰজাঘৰীয়া প্ৰদত্ত যাৰ অৰ্থ ৰাজবৈদ্য৷ ৰসৰাজৰ পিতৃ দীননাথ বেজবৰুৱাক আহোম ৰজা পুৰন্দৰ সিংহই এই উপাধি প্ৰদান কৰিছিল৷ তদুপৰি তেখেতৰ মাতৃ অসমৰ বিখ্যাত বৈষ্ণৱ কবি অনন্ত কন্দলিৰ ঘৰৰ আছিল৷ চৰকাৰী কামত পিতাকে সপৰিয়ালে ব্ৰহ্মপুত্ৰইদি নাৱেঁৰে গৈ থকাৰ সময়তে এবাৰ আঁহতগুৰি নামৰ ঠাইত নাও বান্ধিব লগীয়া হৈছিল আৰু তাতেই ১৮৬৮ চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা তেওলোকৰ পঞ্চম পুত্ৰ সাহিত্যৰথীয়ে জন্মলাভ কৰিছিল৷ সেয়ে তেখেতৰ জীৱন সোঁৱৰণত “ভ...

অসমীয়াক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টাজন আনন্দৰাম ঢেকিয়াল ফুকন

অসমীয়াক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টাজন আনন্দৰাম ঢেকিয়াল ফুকন গধুৰ চৰকাৰী কামৰ বোজা মূৰত লৈ অসমীয়া ভাষা-সাহিত্য,বুৰঞ্জী সাহিত্য আৰু তুলনামূলক ভাষাতত্বৰ তথ্য তেঁও স্ংগ্ৰহ আৰু প্ৰণালীবদ্ধভাৱে উত্থাপন কৰাৰ লগতে প্ৰাচীন ভাৰতীয় সাহিত্যৰ লগত ন-পঢ়ুৱৈৰ মানসিক স্ংযোগ প্ৰক্ৰিয়াও প্ৰশস্ত কৰিছিল। ১৮২৯ চনত জন্মগ্ৰহন কৰি ১৮৫৯ চনৰ ১৬ জুনত মৃত্যু হোৱা আনন্দৰাম ধেকিয়াল ফুকনে মাথোঁ একুৰি দহ বছৰহে আয়ুস পাইছিল।কিন্তু এই নিচেই চুটি জীৱনকালৰ ভিতৰতে ঢেকিয়াল ফুকনে অসম আৰু অসমীয়া জাতিৰ, বিশেষকৈ অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা কৰি থৈ গ’ল। সেই স্বকীয়তাই অসমীয়া জাতিক জীয়াই থকাৰ ভেটি স্থাপন কৰিলে। আনন্দৰাম ঢেকিয়াল ফুকনক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰিব পাৰি। ঊনবিংশ শতিকাৰ শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বাঙালী ভষাৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু অসমীয়া ভাষা, সাহিত্য পুনৰ উদ্ধাৰ তথা প্ৰতিষ্ঠাৰ এই জাতীয় মহাৰণখনৰ ৰণশিঙা বজাই দিয়া প্ৰথম আৰু প্ৰধান মানুহজনেই আছিল আনন্দৰাম ঢেকিয়াল ফুকন। গুণাভিৰাম বৰুৱাৰ ভাষাত ‘আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হ’ল।নানা উপদেশগৰ্ভ ইংৰাজী প্ৰস্তাৱৰ পৰা ...

নলিনীবালা দেৱী

বিশিষ্ট কবি, লেখিকা, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি, অসমীয়া কাব্য সাহিত্য জগতত "ৰহস্যবাদী" কবি বা "অতিন্দ্ৰীয়বাদী" কবি হিচাপে পৰিচিত অসমৰ আইতা নলিনীবালা দেৱীৰ জন্ম হৈছিল আজিৰ দিনটোতে। এইগৰাকী মহীয়সীক আমি এই চমু লেখাৰে স-শ্ৰদ্ধাৰে সোঁৱৰিছো। স্কুল-কলেজৰ উপাধি নোহোৱাকে কাব্য ৰচনাত ব্ৰতী হৈ সাহিত্য একাডেমিৰ দৰে বঁটা লাভ কৰিবলে সক্ষম হোৱা অসমীয়া মহিলা গৰাকীয়ে হ'ল নলিনীবালা দেৱী। তেওঁৰ জন্ম হ'য় ১৮৯৮ চনৰ বৰপেটাত আজিৰ দিনটোতে। মাক হেমন্ত কুমাৰী আৰু পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ। তেজপুৰৰ বঙালা বালিকা বিদ্যালয়তে তেওঁৰ বিদ্যাৰম্ভ হ'য়। তেওঁ সৰুতে আইতাকৰ মুখে বৰগীত, স্তোত্ৰপাঠ, স্নানমন্ত্ৰ, গোঁসাই সেৱা আদি আখৰা কৰিছিল। লগতে ককাক মাধৱ বৰদলৈৰ পৰা দুৰ্গাবৰী গীত, ভটিমা পদ, লেচাৰিৰ সুৰ আদি শিকিছিল। সৰুতে তেওঁ গৃহ শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। গোপাল কৃষ্ণ দে তেওঁৰ গৃহ শিক্ষক আছিল। ১৯৬৮ চনত "অলকানন্দা" কাব্যখনৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। "অলকানন্দাৰ" কবিতাখিনি গীতিকা আৰু কবিতা শীৰ্ষক দুটা ভাগত বিভক্ত কৰাইছে। গীতিকাৰ সংখ্যা ১১৪টা ...

মণিৰাম দেৱান

অংশিদাৰী Views চাওক সম্পাদনা পৰামৰ্শ লিখকৰ স্থিতি: সম্পাদনাৰ বাবে মুকলি মণিৰাম দেৱান ১৮০৬ চনৰ ২৭ এপ্ৰিলত সোণ-ৰূপৰ চামুচ মুখত লৈ শিৱসাগৰৰ চাৰিঙত জন্ম লাভ কৰিছিল মণিৰাম দেৱানে।পিতৃৰ নাম আছিল ৰাম দত্ত আৰু মাতৃ কৌশল্যা দেৱী।তেখেতৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰুৱা।তেখেত আছিল অসমৰ প্ৰথমজন চাহ খেতিয়ক।বৃটিছৰ অধিনত বিভিন্ন উচ্চ পদত কাৰ্য নিৰ্বাহ কৰা মণিৰাম দেৱানক ১৮৩৯ চনত নৱগঠিত 'আছাম টি কোম্পানী'ৰ দেৱান পদত অধিস্থিত কৰা হৈছিল। তেতিয়াৰপৰা তেখেত 'মণিৰাম দেৱান' নামেৰে জনাজাত হৈছিল।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেখেতে অসমত এই বিদ্ৰোহৰ নেতৃত্ব দি কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চেষ্টা কৰিছিল।চিপাহী বিদ্ৰোহৰ সবিশেষ জনাই কলিকতাৰপৰা প্ৰেৰণ কৰা চিঠি ইংৰাজৰ হাতত পৰে।১৮৫৭ চনত কলিকতাত তেখেতক বন্দী কৰি আলিপুৰ জে'লত ৰখা হয় আৰু সেই বছৰৰে শেষৰ ফালে বিচাৰৰ বাবে যোৰহাটলৈ অনা হয়।এক নতুন আইন (Act XIV) ক্ষমতা মতে শিৱসাগৰৰ প্ৰধান সহায়ক (Principal Accistant) চাৰ্লচ হলৰয়দে ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে বিদ্ৰোহী সকলৰ বিচাৰ কৰে আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ৰাজদ্ৰোহৰ অপৰাধত ফাঁচীৰ হুকুম দিয়ে।১৮৫...

মহাপুৰুষ মাধৱদেৱ আৰু তেওৰ ৰচনাৱলী

মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ‘প্রাণৰ বান্ধৱ,পৰমভক্ত, একনিষ্ঠ সেৱক ‘বঢ়াৰপো’ শ্রী শ্রী মাধৱদেৱ, গুৰুজনা প্রৱর্তিত ‘একশৰণ হৰিনাম ধর্ম’ৰ প্রধান কাণ্ডাৰী আছিল। বিশ্বাস আৰু আদর্শ নিষ্ঠাত তেওঁ আছিল হিমালয়ৰ দৰে অচল-অটল। সর্বশাস্ত্র বিশাৰদ মহাপুৰুষ মাধৱদেৱ অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী হৈও অতি বিনয়ী, নম্র আৰু নিৰহঙ্কাৰী আছিল ; অতি দীনহীন; অধম হিচাপে প্রকাশ কৰাটো তেওঁৰ এটি স্বভাৱসুলভ গুণ আছিল। এইজনা মহাপুৰুষ আর্বিভাৱ হৈছিল ১৪১১ শকৰ(১৪৮৯ খৃষ্টাব্দ) জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথি দেওবাৰে নিশা দুই প্রহৰত। তেৰাৰ জন্মস্থান লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰী নামে ঠাইত। এনে এজন পুৰুষক জন্ম দি ধন্য হ’ল মাক মনোৰমা আৰু পিতৃ গোবিন্দগিৰি। অভাৱ-অনাটনেৰে থকা সৰকা, দুখ-কষ্ট দুর্যোগৰে ভাৰাক্তান্ত আছিল তেওঁৰ কৈশোৰ আৰু যৌৱনকাল। ৩২ বছৰীয়া চফল ডেকা মাধৱদেৱ ১৪৪৪ শক ১৫২২ খ্রী:ত মাজুলীৰ ধূৱাহাটাত মহাপুৰুষ শঙ্কৰদেৱৰ লগত ‘মণিকাঞ্চন সংযোগ’ ঘটে। ডেকা তেজত মতলীয়া, আগম শাস্ত্রত পণ্ডিত মাধৱদেৱে প্রথমে দর্শনতে গুৰুজনাৰ শান্ত, সৌম্য, অপূর্ব দিব্য ৰূপ দেখি নিজৰ শিৰ উন্নত কৰি ৰাখিব নোৱাৰি গুৰুজনাৰ সন্মুখত পৰি সেৱা জ...

২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ হব গুণোৎসৱ

কিছুদিন পূৰ্বে খবৰ প্ৰকাশ পাইছিল যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত হব বুলি । কিন্তু শিক্ষা বিভাগে নতুনকৈ খবৰ প্ৰকাশ কৰিছে যে ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত নহয় ৷ তাৰ পৰিৱৰ্তে শিক্ষা বিভাগে জানুৱাৰীতহে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে ৷ শিক্ষা বিভাগৰ এটা সূত্র মতে ২০২০ বৰ্ষৰ প্ৰথম মাহৰ পহিলা সপ্তাহত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব বুলি খবৰ প্ৰকাশ পাইছে ৷ সেইদৰে দ্বিতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব জানুৱাৰী মাহৰে শেষৰটো সপ্তাহত ৷ আনহাতে সুত্ৰটোৱে জনোৱা মতে প্রথম পর্যায়ৰ গুণোৎসৱ ১৬খন জিলাত আৰু দ্বিতীয় পর্যায়ৰ গুণোৎসৱ ১৭খন জিলাত অনুষ্ঠি ত হ’ব ৷ Copyright Holder: News Assam ইয়াৰে প্রথম পর্যায়ত মৰিগাঁও, নলবাৰী, শিৱসাগৰ,বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ধেমাজি, ডিব্রুগড়, শোণিতপুৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি,হোজাই, যোৰহাট, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷আৰু দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ক্রমে– চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা,বাক্সা, বৰপেটা, বিশ্বনাথ,গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, তিনিচুকীয়া আৰু কার্বি আংলং,হাইলাকান্...

কেবক লৈ PM, CMৰ প্ৰতিকৃতি দাহ

নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহেৰে কেবৰ বিৰোধিতা গুৱাহাটীত গুৱাহাটী, ১৮ নৱেম্বৰ : বিজেপি অসমীয়া বিৰোধী কুচক্ৰান্তত মচগুল, অসমত বহিৰাগতৰ সন্ত্ৰাসত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটত পৰিছে, কলা আইনৰ নমুনা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে বাংলাদেশীৰ দালালসকলে অসম তথা উত্তৰ পূৱবাসীৰ ভাবুকি সৃষ্টি কৰিছে বুলি তীব্ৰ উদিগ্নতা প্ৰকাশ কৰিছে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আচাম (আইটছা)ৰ উপদেষ্টা তথা নেফিপৰ মেডিয়া সদস্য সচিব অৰিন্দম প্ৰিন্স পাংগিঙে। আজি গুৱাহাটীৰ সোণাপুৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ তথা বিজেপিৰ তথাকথিত নেতাসকলৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত অংশ লৈ আইটছাৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে আৰু কয় যে বিজেপি মিত্ৰজোঁট চৰকাৰে অসমবাসীক বিশ্বাসঘাটকতাত ক্ষান্ত নাথাকি অবৈধ বাংলাদেশী, নেপালীক ভোটবেংকৰ স্বাৰ্থত এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াক নষ্ট কৰিবলৈকে কেব২০১৬ বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে কিন্তু আমি ট্ৰাইবেল বেল্ট ব্লকত এই কলা আইন মানি লোৱা নহ’ব। ভাৰত চৰকাৰে ১৯৪৭ চনৰ পৰা আজিলৈকে ৰিফিউজি চেটলমেন্ট পলিচি নোলোৱাকৈ অসমত অ...

যুৱ সাংবাদিক সন্থা, অসমৰ সাংবাদিকতা বঁটা ঘোষণা

ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াইছে এই সন্মান সমূহৰ ভিতৰত – “সংবাদ শিৰোমণি”যুৱ সাংবাদিক বঁটা আৰু সন্মান ১/ শোণিত কুমাৰ ভূঞা ,জইণ্ট এডিটৰ ,প্ৰতিদিন টাইম ৷ ২/ ৰাজদ্বীপ বাইলুং বৰুৱা , এডিটৰিয়েল কনছালন্টেট -News18 অসম নৰ্থ ইষ্ট ৷ “শ্ৰেষ্ঠ বাতৰি পৰিবেশক পৰিবেশিকা ১/ বনদ্বীপ গোস্বামী ,News Live ৷ ২/ অঞ্জুমণি বৰদলৈ ,প্ৰতিদিন টাইম ৷ “শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান ” ১/অভিজিৎ গগৈ Dy365. “শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ” ১/ অজয় শইকীয়া ,সাংবাদিক ,দৈনিক জনমভূমি ৷ “শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা ” ১/ জগদ্বীশ ভৰালী ,” নিয়মীয়া বাৰ্তা ৷ ২/ সৌৰভ দুৱৰা ,অসমীয়া প্ৰতিদিন তদুপৰি পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ’ব৷ এই কথা জনালে যুৱ সাং...

বৰযাত্ৰীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত, নিহত আঠজন লোক

ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত আঠ জনকৈ লোক৷ জানিব পৰা মতে মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি আহি থকা পথত Ertiga গাড়ীখনে ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো। Ertiga গাড়ীৰ ভিতৰতে আবদ্ব হৈ আছিল থিতাতে নিহত আঠ জনকৈ লোক। দুৰ্ঘটনা সংঘটিত হোৱা Ertiga খনৰ নম্বৰ AS 12 V 9333. আৰু ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS 12B 2022৷উল্লেখযোগ্য যে নিশা ওৰাঙৰত পৃথকে পৃথকে দুটাকৈ দুৰ্ঘটনা সংঘটিত হয়৷ওৰাঙৰ নিছিলামাৰীত ১৫নং ৰাষ্ট্ৰীয় পথত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাত কিছু ঘন্টা যান বাহন পথত আৱদ্ধ হোৱাৰ পাছত ৰৈ থকা ট্ৰাকত পিছ ফালৰ পৰা প্ৰচণ্ড জুৰেৰে খুন্দা মাৰে Ertga গাড়ীখনৰ চালকে৷ পিছত ওৰাং আৰক্ষীয়ে আঠোটা আৱদ্ধ মৃতদেহ সহ থানালৈ আনি দুৰ্ঘটনা গ্ৰস্থ Ertiga গাড়ীৰ দৰ্জা ভাঙি মৃত দেহ কেইটা উলিওৱাৰ ব্যৱস্থা কৰে৷ মৃত বক্তি কেইজনৰ বৰ্তমানলৈকে ৬ জনক চিনাক্ত