দৈৱকীৰ বিলাপ
দিহা- অ’ এ, কান্দে দৈৱকী আই
কন্যাকে সাৱটি ধৰি
অ কান্দে দৈৱকী আই কংসৰ আগে পৰি।
পদ- কোপে কাম্পে কংসৰাই সমাকে ৰাক্ষস পাই
দেখি ভয় ভৈলন্ত দৈৱকী।
হৃদি কম্প গৈলা লৰি কংসৰ আগত পৰি
কান্দিলন্ত শোকে মক-মকি।।
দান্তে তৃণ তুলি ধৰি   অনেক কৰুণ্য কৰি
মাগন্ত সুন্দৰী জীউ দান।
একে স্ত্ৰী জাতি মই    আৰু তোৰ ভগ্নী নাই
কোন সতে দাদা লৈৰি প্ৰাণ।।
দিয়া দাদা কন্যা দান,
এ দাদা চৰণত ধৰোঁ
মাৰিছা ছয় পুত্ৰৰ সন্তাপ পাহৰোঁ।
দিয়া দাদা কন্যা দান এ।
মাৰিলি অনেক পোক   কন্যাখানি দিয়া মোক
হেন্‌ৰা মই সন্তাপ পাহৰোঁ।
একে আছোঁ দগ্ধ হুই দুনাই নজ্বলাবি জুই
দাদা তোৰ চৰণত ধৰোঁ।
কনিষ্ঠা ভগিনী মই    সন্তাপত পৰোঁ জঁই
পৰিত্ৰাণ কৰা মোক জানি।
নাৰাখিবি কু-খিয়াতি  মাগিছোঁ আঞ্চোল পাতি
দিয়া যান্ত পচা জীও খানি
কান্দে দৈৱকী আই অ’ হৰি কংসৰ মুখক চাই।
কন্যাখিনি মোৰ নামাৰিবি দাদা
তই মোৰ চেনেহৰ ভাই।।
এক এক কৰি  ছয় পুত্ৰ মাৰিলি
ই বেলি জন্মিলা জী।
সসাগৰা মহী   জিতিলি বাহু বলে
ইনো তোক কৰিব কি?
অ হে মোৰ দাদা ঐ
অ দাদা কিনো তোৰ নিদাৰুণ চিত
কিয় মোক কৰাহা বঞ্চিত
ছয় পুত্ৰ দিছো তোক কন্যাখিনি দিয়া মোক
অ দাদা তাকে চাই জুৰাওঁ কিঞ্চিত।।
সৰুৰ পৰা ডাঙৰ হলোঁ তোৰে মুখৰ খাই।
মহাৰঙ্গে বিয়া দিলা যোগ্য দৰা চাই।।
অতি চেনেহৰ মই ভগিনী সাদৰি।
কোন সতে দাদা মোক থৈছা বন্দী কৰি।।
বন্দী কৰি থৈছা মোৰ তাতো নাই দুখ।
একে একে দেখিলোঁ মই ছয় পুত্ৰ মুখ।।
একে একে সবাকো মাৰিলি আফিলাই।
চাই থাকোঁ আগতে মোৰ বুকু ফাটি যায়।।
কোন দোষে মাৰা দাদা কন্যাখিনি মোৰ
অ দাদা শোকে মোৰ হিয়া ফাটি যায়।
ছয় পুত্ৰ মাৰি নিলি দাদা মোৰ ঐ
অ দাদা থাকোঁ মই কাৰ মুখ চাই এ।।
দশ মাস গৰ্ভ ভৰক বহিছোঁ
গলতে জিঞ্জিৰী লৈ
এক এক কৰি ছয় পুত্ৰ মাৰিলি
এ দাদা কোলে লই নাপালোঁ মই এ।
অ দাদা এৰি যা এৰি যা পচা জীউখানি
মাগিছোঁ আঞ্চোল পাতি
অ দাদা ছয় পুত্ৰ মাৰিলি হাতে ছুই নাপালোঁ
চক্ষুই চাই নাপালোঁ মুখ এ
অ দাদা কোলাভৰি বাচাক লবা মই, নাপালোঁ
এয়ে মোৰ মনৰে দুখ এ।
অ দাদা ধুৱাই লৈ নেপালোঁ খুৱাই মই নাপালোঁ
পিয়াই মই, নেপালোঁ স্তনহে।
অ দাদা মুখ চাই বাচাক মই চুমা খাই নাপালোঁ
ই যে আকুল কৰে মন হে।।
এই বুলি বৰ নাৰী    কন্যাক সাৱটি ধৰি
কান্দিয়া আচন্ত দীৰ্ঘ ৰাৱে।
ক্ৰোধে অতি কংসৰাই  দশৰথ কামুৰি যায়
দৈৱকীৰ চক্ষু পকাই চাৱে।।
হায়ৰে পাপিষ্ঠাচাৰী    কুলক্ষণী কুলাঙ্কাৰী
কত তই বুজাহ আমাক।
এই বুলি ভৰ্সন্তে      আজুৰি কোলাত লন্তে
দুৰাচাৰে আনিলা কন্যাক।।
এক হাতে মুষ্টি ধৰি   দুই চৰণত ধৰি
আফালিলা শিলত নিষ্ফলে।
হাতৰ এৰায়া তাৰ    ধৰি ৰুপ চমৎকাৰ
গৈলা দেৱী গগন মণ্ডলে।।
অনুজ্জলে নৱ-সূৰ্য্য আঠ অস্ত্ৰ আঠ ভুজ
দিব্য অলঙ্কাৰে জ্যোতি চৰে।
অসংখ্যাত বিদ্যাধাৰী যেবে নৃত্য গীত কৰি
স্তুতি কৰে চাৰণ কিন্নৰে।
আকাশৰ পৰা মাতে যোগমায়া
কংসৰ আগে শুনাই এ
পাছে যোগমায়া হাসিয়া বোলয়
শুনৰে কংস নিস্ফল।
আমাক মাৰিয়া পাইৰি কেনে ফল
যাইবি পাপী ৰসাতল।।
যি টাইত সি ঠাইত উপজিছে গৈয়া
তোৰ পূৰ্ব্বে প্ৰাণ বৈৰি।
দুখুনি দৈৱকীক বৃথা হিংসা কৰা
অধোগতি যাইবি মৰি।।

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী