ছেমি বুলেট ট্ৰেইন, ভাৰতীয়ৰ গৌৰৱ নিটিকিল ২৪ ঘন্টাও


নতুন দিল্লীঃ শুকুৰবাৰে দেশৰ দ্ৰুতবেগী ছেমি বুলেট ট্ৰেইনখন ৰাষ্ট্ৰৰ নামত উচ্ছৰ্গা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দিল্লী আৰু বাৰানসীৰ মাজত প্ৰতি ঘন্টাত ১৩০ কিলোমিটাৰ বেগত চলিবলগীয়া এই চুপাৰফাষ্ট ৰে’লগাড়ীখনে সকলো ভাৰতীয়ৰ মনলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

পিছে এই গৌৰৱ ২৪ ঘন্টাও বৰ্তি নাথাকিল৷ কিয়? উল্লেখ্য যে, কালি প্ৰধানমন্ত্ৰী মোডীয়ে পতাকা জোকাৰি শুভাৰম্ভণি কৰা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’ল গাড়ীখনে সঠিকভাৱেই বাৰনসীত উপস্থিত হ’লগৈ৷ বাৰানসীৰপৰাও সময়মতে ট্ৰেইখন নতুন দিল্লীলৈ উভতি আহিছিল৷

কিন্তু কেনা লাগিল দিল্লী ষ্টেচন পোৱাৰ প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত৷ তীব্ৰবেগী ট্ৰেইনৰ তলত সোমাল গৰু৷ আনফালে ট্ৰেইনত প্ৰথম অভিযন্তা, জেষ্ঠ বিষয়া, সাংবাদিকৰ লগতে কিছু লোকে যাত্ৰা কৰিছিল৷ কিন্তু অভিযন্তাসকলে ট্ৰেইনৰ গতি ৰোধ কৰাত বিফল হৈ পৰিছিল৷ যাৰ বাবে ট্ৰেইনৰ বিষয়ববীয়সকলে শনিবাৰে সকলো যাত্ৰীকে অন্য এখন ট্ৰেইনত উঠাই তেওঁলোকৰ গন্তব্য স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰে৷

দৰাচলতে উক্ত এক্সপ্ৰেছখনৰ নাম ‘ট্ৰেইন ১৮’ নামেৰে নামাকৰণ কৰা হৈছিল যদিও কিবা কাৰণবশতঃ ইয়াৰ নাম পাছলৈ সলনি কৰি দিয়া হয়৷

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী