নগাঁও ভাওনা সমাৰোহত ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজলৈ প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান

চামগুৰিঃ নগাওঁ জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা "ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে" এই বৰ্ষৰ নগাওঁ ভাওনা সমাৰোহত প্ৰথম শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে নগাৱঁৰ নেহৰুবালিত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে "দক্ষ যজ্ঞ" নাট খন পৰিবেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

পৰিচালক প্ৰকাশ কলিতা আৰু সহ-পৰিচালক শশাংক কলিতাৰ পৰিচালনাত অনুষ্ঠিত হোৱা "দক্ষ যজ্ঞ" ভাওনা খনত অভিনয় কৰে ক্ৰমে- বিশ্বজ্যোতি বৰা মানস বৰা সীমান্ত শইকীয়া মাধুৰ্য্য বৰুৱা হিমাংশু কলিতা ধীৰাজ শইকীয়া ধ্ৰুৱজ্যোতি বৰা কৈলান কলিতা পাৰ্থ বৰা প্ৰনৱ কলিতা কুমুদ শইকীয়া প্ৰানজিৎ চাংমাই পুজা বৰা আৰু স্নেহাময়ী কলিতাৰ লগতে বহু কেইজন শিল্পীয়ে ৷ আনহাতে বাদ্যযন্ত্ৰত সহায় কৰে সৰুধন শইকীয়া প্ৰনৱ কলিতা যতিন শইকীয়া শান্তিৰাম শইকীয়া কলিৰাম শইকীয়া পাপুলি শইকীয়া বিশাল আৰু ইন্দ্ৰমোহন বৰাকে ধৰি বহুকেইজন লোকে ৷ উল্লেখ্য যে বিগত দিনত ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে নগাওঁ জিলাৰ বিভিন্ন স্থানত ভাওনা পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী