BJPৰে মিত্ৰতাক লৈ অগপৰ সভা, মিত্ৰতাৰ অপেক্ষাৰ বাবে কুচকাৱাজ নাই লোকসভাৰ

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিজেপি শিৱিৰত চলিছে ব্যাপক প্ৰস্তুতি৷ বিজেপিয়ে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰি তৃণমূল কৰ্মীক ঘৰে ঘৰে যোৱাৰ নিৰ্দেশ দিছে৷ কংগ্ৰেছৰ দলীয় মনোনয়ন প্ৰক্ৰিয়াত চৈধ্যতা সমষ্টিৰ বাবে 134 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন৷ আনকি, প্ৰাৰ্থীত্ব বিচৰা প্ৰাৰ্থীৰ পৰা পঞ্চাশ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছে৷ 26 ফেব্ৰুৱাৰীত দলৰ সভাপতি ৰাহুল গান্ধীক লৈ আয়োজন কৰিছে খানাপাৰাত দলীয় সমাৱেশৰ৷ অতি আশ্বৰ্যজনকভাৱে লোকসভা নিৰ্বাচনক লৈ তঃপৰতা নাই অগপৰ৷ অগপ ব্যস্ত মিত্ৰতাৰ অংকত৷ মূলত: বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতাত আৱদ্ধ হৈ মন্ত্ৰিত্বৰ সোৱাদ পোৱা অগপই এতিয়াও এৰিব পৰা নাই মন্ত্ৰিত্বৰ লালসা৷ যাৰ বাবে বিজেপিৰে মিত্ৰতাক লৈয়ে এতিয়া ৰাজহুৱা পৰামৰ্শ গ্ৰহণ কৰিব বুলি ক’বলগীয়া হৈছে দলটোৰ সভাপতি অতুল বৰাই৷ যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপই মিত্ৰতা ভংগ কৰিছে, সেই নাগৰিকত্ব বিধেয়ক পৰৱৰ্তী চৰকাৰ গঠন কৰিলেই আকৌ আনিব বুলি স্পষ্টকৈ অসমত আহি কৈ গৈছে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে৷ তাৰপিছতো অগপৰ নেতৃত্বই লোকসভাত বিজেপিৰে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিবলৈ সভা পাতিছে৷ বুধবাৰে দলটোৰ কাৰ্যনিৰ্বাহক সভাত আলোচিত হ’ব মিত্ৰতাৰ প্ৰসংগ৷ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতাৰ বিৰোধী যদিও মন্ত্ৰিত্বৰ বাবে দলৰ বৰ্তমানৰ সভাপতি অতুল বৰা তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই পাকে প্ৰকাৰন্তৰে মিত্ৰতা কৰিবই নেকি বিজেপিৰে? লক্ষণীয় কথা এয়াই যে, বিজেপিৰে মিত্ৰতা হ’লেও অগপই খুব বেছি দুখন বা তিনিখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ব৷ যিটো সময়ত নাগৰিকত্ব বিধেয়কক লৈ বিজেপিবিৰোধী ঢৌৰ মাজত জাতীয়তাবাদী শিৱিৰৰ পক্ষে প্ৰৱল ঢৌ ৰাজ্যত আৰম্ভ হৈছিল, সেই সুযোগ গ্ৰহণত সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল৷৷ৰাজ্যৰ কংগ্ৰেছ আৰু বিজেপি বিৰোধী শক্তিক নিজৰ সপক্ষে ভোটলৈ ৰূপান্তৰিত কৰাৰ সূৱৰ্ণ সুযোগটো হাতত পাই বাটত হেৰুৱালে অগপই৷ এতিয়া বিজেপিৰে মিত্ৰতা কৰিলে কাৰ্যত জয়ৰ সম্ভাৱনা থকা সমষ্টি যে বিজেপি দলে এৰি নিদিয়ে সেইটোও এক প্ৰকাৰ নিশ্চিত৷ এনে অৱস্থাত বিজেপিৰে মিত্ৰতাৰ মাজত সোণোৱাল মন্ত্ৰীসভাত তিনি মন্ত্ৰীৰ চকী হয়তো সুৰক্ষিত হ’ব৷ কিন্তু অগপৰ প্ৰতি চিৰকাললৈ মোহভংগ ঘটিব একাংশ জাতীয়তাবাদী লোকৰ৷ আনপিনে, মিত্ৰতাৰ এই কুচকাৱাজক লৈয়ে দলটোৰ ভিতৰচ’ৰাতে ক্ষুণ্ণ হৈ আছে একাংশ তৃণমূল কৰ্মী৷ মিত্ৰতা চুড়ান্ত হ’লেই দলটোত পদত্যাগৰ জোৱাৰ উঠিলেও আচৰিত হ’বলগীয়া নাথাকিব৷ অগপ দলৰ অস্তিত্ব ৰক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো নিৰ্ভৰ কৰিছে দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত৷

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী