অগপক কিয় গুৰুত্ব দিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ? ৰাজ্যিক বিজেপিৰ মিত্ৰতাক লৈ আপত্তি কিয়?
বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যভেদে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল। ইতিমধ্যে, আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰত কোনো সম্ভাৱনা-সুযোগক এৰি দিবলৈ বিচৰা নাই গেৰুৱা শিৱিৰে। কাৰণ, পাঁচ বছৰীয়া শাসনত থকাৰ পিছত স্বাভাৱিকভাৱে ঠাইবিশেষে সৃষ্টি হোৱা প্ৰতিষ্ঠানবিৰোধী ঢৌ ৰোধ কৰিবলৈ আঞ্চলিক শক্তিৰ সৈতে মিত্ৰতা কৰাৰ বিকল্প যে নাই, সেই কথা ভালকৈয়ে জানে বিজেপিৰ শীৰ্ষ নেতৃত্বই। এনে অৱস্থাত বহু স্থানত বিজেপিয়ে আঞ্চলিক দলকে সৰ্বাধিক আসন এৰি নিজে কম আসনত প্ৰতিদ্বন্দিতা কৰিবলৈও সন্মত হৈছে। তাৰ শেহতীয়া উদাহৰণ দেখা গ’ল- তামিলনাডুত। তামিনলাডুত বিজেপিয়ে মাত্ৰ ৫ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত হৈ এআইএডিএমকে আৰু পিএমকেক ক্ৰমে ২৭ আৰু ৭ খন আসনত বুজাপৰা কৰিছে। বিহাৰত নীতিশ কুমাৰৰ জেদি(ইউ)ৰ সৈতে ১৭-১৭ আসনৰ বুজাপৰা কৰি ৰাম বিলাস পাছোৱানৰ এলজেপিক দিছে অন্য ছয়খন আসনৰ লগতে ৰাজ্যসভাৰ বাবে পাছোৱানক এখন আসন। মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে ২৫-২৩ আসনৰ বুজাপৰা কৰিছে বিজেপিয়ে। এনে অৱস্থাত অসমত কি হ’ব মিত্ৰতা অথবা আসন বুজাপৰাৰ অংক। বিজেপিৰ সৈতে ইতিমধ্যে থকা বিপিএফ দলক কোকৰাঝাৰ আসনখন এৰি দিয়াৰ সিদ্ধান্ত একপ্ৰকাৰ খাটাং। কিন্তু ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে পুনৰ শিলচৰত দোহাৰিছে- অগপৰে মিত্ৰতাৰ ক্ষেত্ৰত আপত্তি আছে ৰাজ্যিক বিজেপিৰ। কিন্তু ৰাষ্ট্ৰীয় নেতৃত্বই ভাৱে, অগপৰ সৈতে বিজেপিৰ মিত্ৰতা নহ’লে কংগ্ৰেছৰ লাভ সবাতোকৈ বেছি। গতিকে, এনে অৱস্থাত মিত্ৰতাৰ বাবে এফালে ৰাজ্যিক বিজেপিৰ আপত্তি থাকিলেও শেষ মূহূৰ্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰণনীতিৰ বাবে মিত্ৰতা সম্পন্ন হ’ব পাৰে বিজেপিৰ।
Comments
Post a Comment