বিশিষ্ট কবি, লেখিকা, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি, অসমীয়া কাব্য সাহিত্য জগতত "ৰহস্যবাদী" কবি বা "অতিন্দ্ৰীয়বাদী" কবি হিচাপে পৰিচিত অসমৰ আইতা নলিনীবালা দেৱীৰ জন্ম হৈছিল আজিৰ দিনটোতে। এইগৰাকী মহীয়সীক আমি এই চমু লেখাৰে স-শ্ৰদ্ধাৰে সোঁৱৰিছো। স্কুল-কলেজৰ উপাধি নোহোৱাকে কাব্য ৰচনাত ব্ৰতী হৈ সাহিত্য একাডেমিৰ দৰে বঁটা লাভ কৰিবলে সক্ষম হোৱা অসমীয়া মহিলা গৰাকীয়ে হ'ল নলিনীবালা দেৱী। তেওঁৰ জন্ম হ'য় ১৮৯৮ চনৰ বৰপেটাত আজিৰ দিনটোতে। মাক হেমন্ত কুমাৰী আৰু পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ। তেজপুৰৰ বঙালা বালিকা বিদ্যালয়তে তেওঁৰ বিদ্যাৰম্ভ হ'য়। তেওঁ সৰুতে আইতাকৰ মুখে বৰগীত, স্তোত্ৰপাঠ, স্নানমন্ত্ৰ, গোঁসাই সেৱা আদি আখৰা কৰিছিল। লগতে ককাক মাধৱ বৰদলৈৰ পৰা দুৰ্গাবৰী গীত, ভটিমা পদ, লেচাৰিৰ সুৰ আদি শিকিছিল। সৰুতে তেওঁ গৃহ শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। গোপাল কৃষ্ণ দে তেওঁৰ গৃহ শিক্ষক আছিল। ১৯৬৮ চনত "অলকানন্দা" কাব্যখনৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। "অলকানন্দাৰ" কবিতাখিনি গীতিকা আৰু কবিতা শীৰ্ষক দুটা ভাগত বিভক্ত কৰাইছে। গীতিকাৰ সংখ্যা ১১৪টা ...
Comments
Post a Comment