Pakhitei Pakhi Logai - Zubeen Garg

Pakhitei Pakhi Logai - Zubeen Garg

পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
এথৰ দুথৰ মোৰ হেপাহৰ
মুঠি এমুঠি তোমাৰ আদৰৰ
তাতেই নাচি ৰ’ব দুই জোনাকি মন

কোন অমানিশা কোনোবা এন্ধাৰে
আগচিব খুজিলে মোক অজানিতে
তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি
ইটো সিটো কৈ বহুটো আশা
তোমাৰ সহাৰিতে জিৰাব খোজা
তাতেই বাকি দিয়া এফেৰি মৰম

দেই পুৰি নিয়া মোৰো সীমনা
ৰৈ আছো জানানে তোমাৰে ভৰষাত
নোৱাৰো এখোজো দিবলে
অকলসৰে ম‍ই অকলে
আহোতে আহা সপোন এটি হৈ
যাও বুলি গ’লে বুকু ভাঙে ঐ
নেলাগে নেলাগে বেলেগে মৰম

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী