Dusokure Nilare - Mukha - Zubeen Garg

Dusokure Nilare - Mukha - Zubeen Garg

দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে
তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে
ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ

দুচকুৰে নীলাৰে মাজতে তুমি
তৰা জ্বলা আকাশত নিহাৰিকা তুমি
তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক

মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই

দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে
এই হাহি চিৰদিনৰ
প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে
এই হেপাহ চিৰকালৰ
তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে
এই মৰম মোৰ প্ৰাণৰ
সাৰ পালে শবদে নিৰৱে থাকি হঠাতে
এই শবদ মোৰ গানৰ
তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী