Diya Ghurai Diya - Zubeen Garg

Diya Ghurai Diya - Zubeen Garg

দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন

আনা ঘূৰাই আনা
ধৰা নিভাজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন

ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুহিপাঠ
পঢ়ালা পঢ়ি আছো
শিকালা শিকি আছো
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰন্জী কোনেও নাচায়

Comments

Popular posts from this blog

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

নলিনীবালা দেৱী

অম্বিকাগিৰি ৰায়চৌধুৰী